ঐতিহাসিক দৰঙত শৰৎক আদৰিলে শতাধিক শিশুই

 09/30/2019 - 17:35

ভেৰগাঁওঃ দৰঙৰ ঐতিহাসিক বুঢ়ীনগৰ পুখুৰীৰ পাৰত শৰৎক আদৰিবলৈ ব্যতিক্ৰম প্ৰচেষ্টা৷ শতাধিক শিশুই অংকন কৰিলে শৰৎ ৰ বিনন্দীয়া ছবি৷ অংকন কৰিলে ঐতিহাসিক বুঢ়ীনগৰ পুখুৰীৰ সৌন্দৰ্য৷ মহলীয়াপাৰা আঞ্চলিক সংগীত কলা একাডেমীয়ে অনু্‌ষ্ঠিত কৰিলে শিশুৰ বাবে এই কৰ্মশলা৷ দৰং ওদালগুৰি জিলাৰ শতাধিক শিশুৱে অংশগ্ৰহণ কৰে৷ নষ্টালজিক হৈ পৰিল বুঢ়ীনগৰ পুখুৰীৰ পাৰত শিশুসহ অভিভাৱক৷ শৰৎক আদৰিবলৈ একাংশ লোকে কবিতাৰ মাজেৰে প্ৰকাশ কৰে শৰৎ আগমনৰ বতৰা৷ পিছে দৰঙৰ ঐতিহাসিক বুঢ়ীনগৰ পুখুৰীৰ পাৰত শতাধিক শিশুই শৰত অহাৰ পূৰ্বে আদৰিবলৈ প্ৰস্তুত ব্যতিক্ৰমী ৰূপত৷

দৰঙৰ ঐতিহাসিক বুঢ়ীনগৰ পুখুৰীৰ পাৰত মহলীয়াপাৰা আঞ্চলিক সংগীত কলা একাডেমীয়ে দৰং আৰু ওদালগুৰি জিলাৰ শতাধিক শিশুৰ মাজত অনু্‌ষ্ঠিত কৰিলে চিত্ৰাংকন কৰ্মশলা৷ যত শিশুসকলক অংকন কৰিলে শৰৎ ৰ  বিনন্দীয়া ছৱি৷ লগতে অংকন কৰিব দিয়া হল শৰৎ ৰ আগমনত ঐতিহাসিক বুঢ়ীনগৰ পুখুৰীৰ সৌন্দৰ্য্য৷ বুঢ়ীনগৰ পুখুৰীৰ অপৰূপ সৌন্দৰ্য্যত উপস্থিত থকা শিশু আৰু অভিভাৱকসকল নষ্টালজিক হৈ পৰিল৷ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।