তিনিচুকীয়াত মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ

 09/30/2019 - 17:52

তিনিচুকীয়াঃ তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত সোমবাৰে তিনিচুকীয়া ৰাজ্যত চলি থকা কাঠ, কয়লা চিণ্ডিকেট, মূল্যবৃদ্ধি আৰু তিনিচুকীয়া পৌৰসভাৰ দ্বাৰা অবৈধ কৰ সংগ্ৰহ কৰি অহাৰ প্ৰতিবাদত এক যুৱ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্লগান দি অসমৰ মুখমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।