স্প্ৰেমেন, সোপাধৰাৰ প্ৰতিবাদত বিএচইউৰ বিশাল ৰেলী

 09/30/2019 - 18:22

কোকৰাঝাৰঃ স্প্ৰেমেন, সোপাধৰা আতংকই কোকৰাঝাৰৰ জনসাধাৰণক আতংকিত কৰি ৰখাৰ সময়তে সোমবাৰে বড়োলেণ্ড ছাত্ৰ সন্থা বিএছইউয়ে কোকৰাঝাৰ চহৰত ব্যাপক প্ৰতিবাদী সমদল বাহিৰ কৰে। অমানবীয় কাৰ্যকলাপ, যৌন নিৰ্যাতন, স্প্ৰেমেনৰ কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ দাবীত সোমবাৰে বিএচইউৰ উদ্যোগত সন্থাৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদলত এবিএমছু, আমছু, আবৌফ, হিন্দীভাষী যুৱছাত্ৰ পৰিষদ, বেংগলী যুৱছাত্ৰ ফেডাৰেচন আদিকে ধৰি কেবাটাও সংগঠনৰ নেৰ্তৃবৰ্গৰ লগতে সহস্ৰাধিক স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱকে অংশগ্ৰহণ কৰি বিভিন্ন শ্লোগানেৰে চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী সমদলটোৱে বিএচইউৰ কাৰ্যালয়ৰ পৰা জেডি ৰোড, ফ্লাইঅভাৰ হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় আৰু জিলা উপায়ুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰে। ইপিনে সংবাদমাধ্যমৰ আগত বিএচইউৰ সভাপতি সুবুংছাৰ বসুমতাৰীয়ে অমানবীয় কাৰ্যকলাপ, যৌন নিৰ্যাতন, স্প্ৰেমেনৰ কাৰ্যকলাপ বন্ধ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন ব্যৰ্থ হোৱা বুলি মন্তব্য কৰি অতি শীঘ্ৰেই জিলাখনত স্বাভাৱিক পৰিৱেশ ঘূৰাই আনিবলৈ বিএচইউয়ে দাবী উত্থাপন কৰিছে।

আনহাতে কোকৰাঝাৰ পৌৰনিগমৰ উদ্যোগতো সদৰ চহৰৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত স্প্ৰেমেন, সোপাধৰা সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত পৌৰপতি বিষ্ণু নাৰ্জাৰী, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষকে সজাগতা সভাত অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।