ৰঙিয়া পাৱাৰগ্ৰীড বিভাগৰ অদ্ভুত কাণ্ড, বিষয়াৰ কাণ্ডজ্ঞানহীনতাৰ বাবে পানীৰ ওপৰৰে যাতায়ত কৰিব লাগে জনসাধাৰণে

 09/30/2019 - 18:32

ৰঙিয়াঃ ৰঙিয়া চিৰাখুন্দিস্থ নামনি অসম পাৱাৰগ্ৰীড" ৰ কাৰ্যালয়ৰ বিষয়াৰ কাণ্ডজ্ঞানহীনতাৰ বাবে বৃহৎ অঞ্চলৰ ৰাইজে পানীৰ মাজেৰে যাতায়ত কৰিব লগা হৈছে। ঘটনাৰ বিষয়ে স্থানীয় ৰাইজে অভিযোগ কৰামতে ৰঙিয়া চিৰাখুন্দিত থকা পাৱাৰগ্ৰীড কাৰ্যালয়ৰ বৃহৎ এলেকা এটাৰ পানী চিৰাখুন্দি অঞ্চলৰ ৰঙিয়া ১০ নং ওৱাৰ্ডৰ গুৰুত্বপূৰ্ণ পথ এটাৰ ওপৰৰে পাৰ হৈ যায়।

এদিন বৰষুণ দিয়াৰ পিছত কেইবাদিনলৈ পাৱাৰগ্ৰীড কাৰ্যালয়ৰ ভিতৰৰ পানী পথটোৰ ওপৰৰে পাৰ হৈ থকাৰ পিছত পথটোৰে সাধাৰণ ৰাইজৰ লগতে বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰীসকলে সাংঘাতিক ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। বিষয়টো পাৱাৰগ্ৰীড কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰি পথটোৰ দাঁতিৰে পকী নলা নিৰ্মাণ কৰাৰ বাবে স্থানীয় ৰাইজে অনুৰোধ জনাইছিল যদিও কোনোধৰণৰ গুৰুত্ব নিদিয়াত উক্ত সমস্যাটো স্থায়ী ৰূপ লোৱা পৰিলক্ষিত হৈছে। উপায়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজে সমস্যাটো সমাধানৰ বাবে ৰঙিয়া মহকুমাধিপতিক অৱগত কৰাৰ উপৰিও পাৱাৰগ্ৰীডৰ নামনি অসম উপ মহা প্ৰবন্ধকক অন্তিম বাৰৰ বাবে এক স্মাৰক পত্ৰ যোগে অৱগত কৰে।

ইয়াৰ পিছটো যদিহে সমস্যাটো সমাধা নকৰে তেতিয়া হ’লে পাৱাৰগ্ৰীড কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ অন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ভুক্তভোগী ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।