জনীয়া সমষ্টিত বিজেপিয়ে তৌফিকুৰ ৰহমানক প্ৰাৰ্থিত্ব প্ৰদানক আদৰণি গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ

 09/30/2019 - 18:37

বৰপেটাঃ ২১ অক্টোবৰত অসমৰ চাৰিটাকৈ বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনত বৰপেটাৰ ৪৪ নং জনীয়া সমষ্টিৰ বাবে বিজেপিয়ে খিলঞ্জীয়া মুছলমানক প্ৰাৰ্থিত্ব দিয়াক লৈ উৎফুল্লিত হৈছে গৰিয়া মৰিয়া যুৱছাত্ৰ পৰিষদে। এক প্ৰেছ বিজ্ঞপ্তিযোগে বিজেপিৰ এই পদক্ষেপক আদৰণি জনাই পৰিষদৰ সাধাৰণ সম্পাদক মইনুল হকে কয় জনীয়া সমষ্টিত জনপ্ৰিয় অভিনেতা তৌফিকুৰ ৰহমানক প্ৰাৰ্থিত্ব প্ৰদান কৰি বিজেপিয়ে খিলঞ্জীয়াৰ চৰকাৰ বুলি প্ৰতিপন্ন কৰিলে।

খিলঞ্জীয়া গৰিয়া মৰিয়া মুছলমানক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে পৰিষদে পূৰ্বৰ পৰাই দাবী জনাই আহিছে। যোৱা লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিত এজন খিলঞ্জীয়া মুছলমানক দলীয় প্ৰাৰ্থিত্ব দিয়াৰ বাবে কংগ্ৰেছ দলক বাৰাম্বাৰ দাবী জনাই আহিছিল যদিও কংগ্ৰেছ দলে কোনো ধৰণৰ গুৰুত্ব নিদিলে। বিবৃতিটোত তেওঁ কয় বিধানসভা, লোকসভা, ৰাজ্যসভাত গৰিয়া মৰিয়া সকলোৰ এজনো প্ৰতিনিধি নথকা বাবে এই জনগোষ্ঠীকেইটাই সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে পিছপৰি ৰৈছে।

এই জনগোষ্ঠী সমুহৰ সমস্যাসমুহ সদনৰ মজিয়াত ভালকৈ উত্থাপন কৰিব নোৱাৰা বাবে তেওঁলোকৰ সমউন্নয়ন আৰু সমবিকাশ আজিলৈকে সম্ভৱ হৈ উঠা নাই। জনগোষ্ঠাকেইটাই ভূগি থকা সমস্যাসমুহ সঠিকভাৱেই উত্থাপন কৰিব পৰাকৈ খিলঞ্জীয়া গৰিয়া, মৰিয়া জনগোষ্ঠীৰ লোকক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ বিভিন্ন ৰাজনৈতিক দলক পৰিষদে দাবী জনাই আহিছে আজিলৈকে কোনো এটি ৰাজনৈতিক দলে কাণসাৰ দিয়া নাই। এনে পৰিপ্ৰেক্ষিতত গৰিয়া, মৰিয়া জনগোষ্ঠীৰ লোক এজনক বিজেপিয়ে দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰাত বিজেপি দলৰ লগতে দলৰ নেতৃত্বকো বিবৃতিযোগে শুভেচ্ছা জ্ঞাপন কৰে পৰিষদে। শেষত তৌফিকুৰ ৰহমানৰ বিজয় কামনা কৰে পৰিষদে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।