লখিমপুৰত সোমবাৰে প্ৰশাসনৰ উচ্ছেদ অভিযান

 09/30/2019 - 18:59

লখিমপুৰঃ বিশাল আৰক্ষী বাহিনী লৈ প্ৰশাসনে তিনিখন জেচিবি ৰে এফালৰ পৰা ভাঙি নিলে ৭৬ টাকৈ পৰিয়ালৰ বাসগৃহ। এই উচ্ছেদ অভিযান চলিল নগৰখনৰ শিৱ মন্দিৰৰ সমীপৰ চানমাৰিত। ডাম্পিং গ্ৰাউণ্ডৰ বাবে ৰখা চৰকাৰী মাটি দখল কৰি ঘৰ পাতি থকা এই পৰিয়ালসমূহক মাটি ভেটি এৰি দিবলৈ জিলা প্ৰশাসনৰ ফালৰ পৰা ফেব্ৰুৱাৰী মাহতে দিছিল জাননী।

কিন্তু চৰকাৰী জাননীক কোনো গুৰুত্ব দিয়া নাছিল এই পৰিয়ালসমূহে। সেয়ে প্ৰশাসনৰ ফালৰ পৰা সোমবাৰে পুৱাতেই উচ্ছেদ চলালে এই ঠাইখিনিত। পৌৰ সভাৰ dumping ground ৰ বাবে ব্যৱহিত কৰাৰ বাবে নিৰ্বাচিত কৰা হৈছে এই মাটিখিনি। গৰীয়া জান নদীৰ পাৰৰ মুঠ চৈধ্য বিঘা মাটি দখল কৰি বছৰ বছৰ ধৰি ঘৰ পাতি আছিল এই ৭৬ টা পৰিয়ালে। উচ্ছেদ অভিযানৰ পিছতেই হাহাকাৰ সৃষ্টি হৈছে উক্ত পৰিয়ালকেইটাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।