সৰুপথাৰত শাৰদীয় গ্ৰন্থমেলা আৰু আড্ডাৰ প্ৰস্তুতি

 09/30/2019 - 19:16

উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ সৰুপথাৰত প্ৰাণতোষ দাস ফাউণ্ডেচন আৰু অন্যপথ গোষ্ঠীৰ উদ্যোগত পঞ্চম বাৰ্ষিক শাৰদীয় গ্ৰন্থমেলা আৰু আড্ডা অনুষ্ঠানৰ আয়োজন কৰিছে। "খেলনা পিস্তলৰ সলনি আপোনাৰ শিশুটিৰ হাতত এখন কিতাপ তুলি দিয়ক"। "শাৰদীয় উৎসৱৰ বতৰত প্ৰিয়জনৰ হাতত এখন কিতাপ তুলি দিয়ক" এই লক্ষ্যৰে ৫, ৬ আৰু ৭ অক্টোবৰ তাৰিখে সৰুপথাৰস্থিত গান্ধী মূৰ্তিৰ সমিপত উক্ত অনুষ্ঠান অনুষ্ঠিত হ’ব অহা পাঁচ অক্টোবৰত।

গ্ৰন্থমেলাৰ দ্বাৰ উম্মোচনৰ পিছতেই শিশুসকলৰ গীত মাতৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হব। অনুষ্ঠানৰ প্ৰত্যেক দিনাই সন্ধ্যা আড্ডা অনুষ্ঠান হব বুলি প্ৰান্তোষ দাস ফাউণ্ডেচনৰ সম্পাদক প্ৰাৰ্থ প্ৰতিম দাসে জানিবলৈ দিছে। কিতাপৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যে উক্ত অনুষ্ঠান আয়োজন কৰি আহিছে বুলি জানিবলৈ দিয়ে অন্যপথ গোষ্ঠীৰ হৈ নয়নমনি মেধিয়ে। উল্লেখ্য যে অন্যপথ গোষ্ঠীৰ হৈ সুশান্ত কৃষ্ণ শৰ্মা, উদয়ন ৰাজখোৱা, কিৰণ গগৈ আৰু বনিফাষ্ট গগৈয়ে ৰাইজৰ সহায়-সহযোগ কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।