সাংবাদিক মজিবুৰ ৰহমানে মুখাগ্নি কৰিলে ফটিক চন্দ্ৰ দাসৰ মৃতদেহ

 09/30/2019 - 19:38

নলবাৰীঃ মানৱতাৰ মৃত্যু হোৱা নাই৷ মানৱতা জীয়াই আছে এতিয়াও আমাৰ সমাজত৷ নলবাৰীত মানৱতাৰ জয়গান গাইছে এজন সাংবাদিকে৷ এচামে হিন্দু-মুছলমান পাহৰি মানৱতাক জীয়াই ৰাখাছে৷ যিসময়ত এচাম ধৰ্মান্ধ মানুহে সাম্প্ৰদায়িকতাৰে সমাজক বিভাজিত কৰিব বিচাৰি আছে সেই সময়তে নলবাৰীৰ মজিবুৰে মানুহৰ হৃদয়ত সিঁচি দিছে মৰম আৰু সমাজক দিছে সম্প্ৰীতিৰ বাৰ্তা৷

কেইবছৰমান আগতে বৰপেটাৰ এজন ব্যক্তিক আশ্ৰয় দিছিল মজিবুৰ ৰহমানে৷ ৰহমানে নিজৰ প্ৰচেষ্টাত গঢ় দিয়া আশ্ৰমখনত লালন পালন কৰিছিল ফটিক চন্দ্ৰ দাস নামৰ ব্যক্তিজনৰ৷ কিন্ত আজি সেইগৰাকী ফটিক চন্দ্ৰ দাসৰ মৃত্যু হ’ল৷ মৃতদেহটো সৎকাৰ কৰিবলৈ তেওঁৰ অঙহীবঙহী কোনো নোলাল৷ শেষত সাংবাদিক মজিবুৰ ৰহমানে ফটিক চন্দ্ৰ দাসৰ মুখাগ্নি কৰিলে৷

এনেদৰে মুছলমান মজিবুৰে এতিয়ালৈকে ৫০ৰো অধিক হিন্দু ধৰ্মালম্বী লোকৰ মৃতদেহ সৎকাৰ কৰিছে৷ ৰহমানৰ নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমলৈ তিনিবছৰ আগতে অসহায় অৱস্থাত বৰপেটাৰ ঘোৰামাৰা হাটীৰ ফটিক চন্দ্ৰ দাসক লৈ আনিছিল৷ সোমবাৰে ফটিক চন্দ্ৰ দাস দেৱৰ মৃত্যু হোৱাৰ পিছত হিন্দু ৰীতিনীতি মতে সৎকাৰ কৰে মজিবুৰে৷ যিসকলে সমাজক বিভাজিত কৰিবলৈ চেষ্টা চলাই আছে সেইসময়তে কিন্তু মজিবুৰে সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰি আছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।