দুৰ্বৃত্তই কাঢ়ি লৈ গ’ল পাঁচ লাখ টকাৰ সোণঃ ভাঙি থৈ গ’ল হাত, কিন্তু ক’ত?

 10/01/2019 - 14:01

নাৰায়ণপুৰঃ নাৰায়ণপুৰত দুৰ্বৃত্তই লুটিলে সোণসহ পাঁচ লাখ টকা৷ দু্ৰ্বৃত্তৰ আক্ৰমণত এম কে গ’ল্ড পেলেছ নামৰ জুৱেলাৰ্ছখনৰ স্বত্বাধিকাৰী সুদীপ্ত কৰ্মকাৰৰ পত্নী মণি কৰ্মকাৰ আহত হয়৷ জুৱেলাৰী খন বন্ধ কৰি সোণৰ টোপোলা সহ ঘৰলৈ যোৱাৰ পথত পালচাৰ বাইকত অহা দুৰ্বৃত্তই আক্ৰমণ কৰি সোণৰ টোপোলা লৈ পলায়ণ কৰে৷ টোপোলাটোত সোণৰ লগতে নগদ ধন আৰু জুৱেলাৰী আছিল৷ 

দুৰ্বৃত্তৰ আক্ৰমণত এখন হাত ভাঙি যায় মণি কৰ্মকাৰৰ৷ সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ মহিলাগৰাকীক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।