কোকৰাঝাৰত অসম আৰক্ষী দিৱস উপলক্ষে তৰ্ক প্ৰতিযোগিতা

 10/01/2019 - 14:22

কোকৰাঝাৰ: অসম আৰক্ষী দিৱস উপলক্ষে সোমবাৰে কোকৰাঝাৰত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলা আৰক্ষীৰ উদ্যোগত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজী ৰাণী শৰ্মাৰ পৰিচালনাত সোমবাৰে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাত জিলাখনৰ পৰা সৰ্বমুঠ ৬৫ জন তাৰ্কিকে অংশগ্ৰহণ কৰে। পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ৪১ জন তাৰ্কিক আৰু একাদশ শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ ২৪ জন তাৰ্কিকে অংশলয়।

দুটা শাখাত অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাত পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শীৰ্ষক বিষয় হ'ল ছছিয়েল মিডিয়া সাম্প্ৰতিক পৃথিৱীৰ এক অপৰিহাৰ্য অংগ আৰু একাদশ শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ তৰ্ক প্ৰতিযোগিতাৰ শীৰ্ষক বিষয় আছিল ছছিয়েল মিডিয়াৰ অত্যাধিক ব্যৱহাৰে শেহতীয়াকৈ সংঘটিত ঘটনাৰাজিৰ মূল কাৰণ। উক্ত তৰ্ক প্ৰতিযোগিতাৰ পঞ্চমৰ পৰা দশম শ্ৰেণীৰ শাখাত এমচিএম উডলেণ্ড হাইস্কুল দলে শ্ৰেষ্ঠ দল, দ্বিতীয় শ্ৰেষ্ঠ আফলাগাঁও হাইস্কুল, আৰু তৃতীয় শ্ৰেষ্ঠ দল হিচাপে চন্দ্ৰপাৰা হাইস্কুল দলে স্থান লাভ কৰিছে।

আনহাতে একাদশ শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ তৰ্ক প্ৰতিযোগিতাত কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ে প্ৰথম, ইউএন একাডেমীয়ে দ্বিতীয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ে তৃতীয় শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত হৈছে। ইপিনে ব্যক্তিগত পৰ্যায়ত পঞ্চমৰ পৰা দশম শ্ৰেণীৰ শাখাত এমচিএম উডলেণ্ড হাইস্কুলৰ মোহন গৌতমে প্ৰথম, আফলাগাঁও হাইস্কুলৰ দৈমালু বড়ো দ্বিতীয়, আৰু চিষ্ঠাৰ মাৰ্গাৰেট চেইণ্ট নৱেল বিদ্যালয়ৰ প্ৰীতম নাৰ্জাৰীয়ে তৃতীয় স্থান দখল কৰে। কোকৰাঝাৰ আৰক্ষী প্ৰশাসনে প্ৰথম তিনিস্থান দখলপ্ৰাপ্ত শ্ৰেষ্ঠ তাৰ্কিক দলক মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰাৰ বিপৰীতে ব্যক্তিশাখাত স্থান লাভ কৰা দুয়োটা শাখাৰ প্ৰথম তিনিস্থান প্ৰাপকক নগদ ধন আৰু মানপত্ৰৰে সম্বৰ্ধিত কৰে।

বঁটা বিতৰণী অনুষ্ঠানত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে নিজ হাতে শ্ৰেষ্ঠ তাৰ্কিকসকলক বঁটা প্ৰদান কৰি তৰ্ক বিষয়টো এটা কলা বুলি মন্তব্য কৰে। শীৰ্ষক বিষয়বস্তুৰ ওপৰত অগাধ জ্ঞান, বাকপটুতাই তাৰ্কিক এজনক সফলতা আনি দিয়ে বুলি মন্তব্য কৰি ছছিয়েল মিডিয়াৰ ওপৰতো বক্তব্য ৰাখে। ছছিয়েল মিডিয়াক এটমিক এনাৰ্জীৰ সতে তুলনা কৰি ছছিয়েল মিডিয়াই সমাজ এখন গঢ়িবও পাৰে, ভাঙিবও পাৰে বুলি মন্তব্য কৰি ছছিয়েল মিডিয়া ব্যৱহাৰ কৰোতে অত্যন্ত সাৱধান হ’বলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

কোকৰাঝাৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা তৰ্ক প্ৰতিযোগিতাত সাহিত্য একাডেমী বঁটা প্ৰাপক অঞ্জলী বসুমতাৰী, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়ত্ৰী আৰু কেবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।