জিনজিয়া আৰক্ষী থানাৰ উদ্যোগত আৰু বণিক সন্থাৰ সহযোগত স্বচ্ছ ভাৰত অভিযান

 10/01/2019 - 14:31

বিশ্বনাথ চাৰিআলিঃ জাতিৰ পিতা মহা-মানৱ মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশৰ লগতে অসম আৰক্ষীয়েও হাতত লৈছে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী৷ প্ৰতিটো সময়তে হাতত লাঠি-বন্ধুক লৈ ফুৰা আৰক্ষী বিভাগৰ হাতত দেখা গ’ল ঝাডু।

সোমবাৰে পুৱাৰে পৰা গহপুৰ মহকুমাৰ হাৱাজানৰ আৰক্ষী চকী আৰু বণিক সন্থাৰ লগতে হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্রীসকলে এক গোট হৈ থানাখনৰ লগতে হাৱাজান চেন্টাৰৰ বিভিন্ন ঠাইত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে হাতে হাতে তুলি ল'লে ঝাড়ু।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানৰ অংশহিচাপে অসম আৰক্ষীয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে৷ অহা ২ অক্টোবৰ তাৰিখ লৈকে এই কাৰ্যসূচী অব্যাহত থাকিব বুলি প্ৰকাশ কৰে হাৱাজান আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপেন শইকীয়াই। ইফালে সোমবাৰে জিনজিয়াতো দেখা গ'ল স্বচ্ছ ভাৰত অভিযান।

জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ মেধি আৰু থানাখনৰ আৰক্ষী জোৱানৰ লগতে স্থানীয় ৰাইজ আৰু জিনজিয়া বণিক সন্থাৰ সদস্যসকল এক গোট হৈ স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী গ্ৰহণ কৰে। জিনজিয়া চেন্টাৰৰ লগতে থানা প্ৰাংগণত এই কাৰ্যসূচী গ্ৰহণ কৰি আৰক্ষী বিষয়া বিশ্বজিত মেধিয়ে স্বচ্ছতাৰ দিশত সকলোকে সজাগ হ'বলৈ আহবান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।