গোলঘাটত আবকাৰী বিভাগৰ অভিযান

 10/01/2019 - 14:42

গোলঘাটঃ অভিযান কালত এখন অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক আৰু এখন লালী গুৰ ভৰ্তি মহেন্দ্ৰ পিকাপ জব্দ কৰে। গোলাঘাটৰ নুমলীগড়ত অৰুনাচলী সুৰা ভৰ্তি ট্ৰাকখন জব্দ কৰে আবকাৰী বিভাগে। অৰুণাচলৰ নাহৰলগুনৰ পৰা ডিমাপুৰ অভিমুখে আহি আছিল WD 11-E--2136 নম্বৰৰ সুৰাভৰ্তি ট্ৰাকখন।

আৰু আন তিনিখন আহি থকাৰো সন্দেহ বিভাগৰ । গোলাঘাট আবকাৰী বিভাগৰ এটা দলে গোপন সুত্ৰৰ পম খেদি ট্ৰাকখন জব্দ কৰি বৈধ নে অবৈধ সুৰাখিনি নথিপত্ৰ পৰীক্ষা কৰি আছে। ইফালে গোলাঘাটৰ টেটেলি তলত জব্দ কৰা লালী গুৰ ভৰ্তি মহেন্দ্ৰ পিকাপ গাড়ীখনত ৯০ টিং লালী গুৰ পোৱা গৈছে। AS-BC -4251 নম্বৰৰ এই মহেন্দ্ৰ পিকাপ গাড়ীখনৰ হোজাইৰ পৰা গোলাঘাটৰ মেৰাপানি লৈ আহি আছিল। গাড়ীখনৰ চালক, হেণ্ডিমেনকো আটক কৰিছে গোলাঘাট আবকাৰী বিভাগে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।