তামাৰহাট আৰক্ষীৰ তৎপৰতাত জব্দ ৩৯টা চোৰাং গৰু

 10/01/2019 - 14:49

গোলকগঞ্জঃ তামাৰহাটত ৩৯টা গৰু জব্দ কৰে তামাৰহাট আৰক্ষীয়ে। পশ্চিম বংগৰ পৰা অসম বঙ্গ সীমান্তৰ পোকালাগী হৈ ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে তামাৰহাট আৰক্ষীয়ে। আৰক্ষীয়ে অবৈধ বুলি আটক কৰা গৰুবোৰ খোৱাৰত দিয়াৰ পাছত গৰুবোৰ আকৌ বৈধ বুলি এৰি দিয়া হয়।

খোৱাৰত দিয়াৰ পাছত ৰহস্যজনক ভাৱে এৰি দিয়া ঘটনা তামাৰহাট অঞ্চলত নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে। তাৰেই পুনৰাবৃত্তি মংগলবাৰেও ঘটিল তামাৰহাটত। দেওবাৰে নিশাৰ ভাগত তামাৰহাট আৰক্ষীয়ে অসম বঙ্গ সীমান্তৰ পোকালাগী অঞ্চলত অভিযান চলাই পোকালাগী আৰু পলাশকান্দি অঞ্চলৰ পৰা ৩৯ টা গৰু আটক কৰে। পশ্চিমবঙ্গৰ পৰা অনা ৩৯ টা গৰু ধুবুৰী অভিমুখে লৈ যোৱাৰ পথত তামাৰহাট আৰক্ষীয়ে আটক কৰি নিশাৰ ভাগতে ধুতুৰামাৰী খোৱাৰত জমা দিয়ে।

গৰুৰ লগত কাকো আটক কৰা হোৱা নাই। একাংশ ৰাইজৰ অভিযোগ আৰক্ষীয়ে সহজ ধন ঘটাৰ বাবে চলাইছে নেকি গৰু ধৰা এৰাৰ খেল খন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।