নাৰায়ণপুৰত ডকাইতি

 10/01/2019 - 14:50

নাৰায়ণপুৰঃ নাৰায়ণপুৰ ডকাইতি৷ এম কে গল্ড পেলেছ নামৰ জুৱেলাৰীখনৰ স্বত্বাধিকাৰী সুদীপ্ত কৰ্মকাৰৰ পত্নী মনি কৰ্মকাৰে জুৱেলাৰী বন্ধ কৰি সোণৰ টোপোলা সহ ঘৰলৈ যোৱাৰ পথত পালছাৰ বাইকত অহা ডকাইতে আক্ৰমন কৰি সোণৰ টোপোলা লৈ পলায়ণ কৰে৷

টোপোলাত সোণৰ লগতে নগদ ধন আৰু জুৱেলাৰী তথা ঘৰৰ চাবি আছিল৷ ডকাইতৰ আক্ৰমনত এখন হাত ভাঙি যায় মহিলাগৰাকীৰ৷ সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে লখিমপুৰত নিয়া হৈছে মহিলাগৰাকীক৷ সোণখিনিৰ মূল্য প্ৰায় পাঁচ লাখ টকা৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।