পাঠশালাত অনুষ্ঠিত হ’ল মূকাভিনয় মহোৎসৱ

 10/01/2019 - 15:06

পাঠশালাঃ মূকাভিনয় ও যে এক অপূৰ্ব কলা আৰু এই কলাৰ জৰিয়তে যে মনোৰম তৃপ্তি লাভ কৰিব পাৰি সেয়া সোমবাৰে পাঠশালাত অনুষ্ঠিত মূকাভিনয় অনুষ্ঠান প্ৰত্যক্ষ কৰি ভালদৰে উপলব্ধি কৰিলে পাঠশালাবাসীয়ে। উক্ত অনুষ্ঠানত সংগীত নাটক একাডেমীৰ বিছমিল্লাহ খান যুব বঁটা লাভ কৰা পাঠশালাৰ যুৱক কুলদীপ পাটগিৰিক ও বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়। পাঠশালাৰ স্হানীয় আজাদ ভৱন প্ৰাংগনত সোমবাৰে অনুষ্ঠিত হৈ যায় মূকাভিনয় মহোৎসৱ।

পাঠশালা প্ৰগতি সংঘ আৰু অসম মাইম এণ্ড স্কিট থিয়েটাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত সোমবাৰে সংগীত নাটক একাডেমীৰ বিছমিল্লাহ খান যুব বঁটা লাভ কৰা পাঠশালাৰ সন্তান কুলদীপ পাটগিৰিক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়। একেখন মঞ্চতে সোমবাৰে ২০১৮ বৰ্ষত সংগীত নাটক একাডেমী বঁটা লাভ কৰা পাঠশালা গৌৰৱ নৃত্য ৰত্ন ৰামকৃষ্ণ তালুকদাৰক ও বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

উক্ত অনুষ্ঠানত সোমবাৰে মূকাভিনয়ৰ অসমৰ মূল সাধক মইনুল হক নিজেও উপস্থিত থাকি দৰ্শকৰ আগত মূকাভিনয় প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰেl মঞ্চত মইনুল হকক ও পাঠশালাবাসী য়ে ভৰপূৰ সম্বৰ্ধনা জ্ঞাপন কৰেl তেওঁ কয় যে মূকাভিনয়ৰ দৰে শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব তেওঁ এতিয়া যুৱ প্ৰজন্মৰ হাতত অৰ্পন কৰিছে।

আনহাতে পাঠশালাবাসী এ ও সোমবাৰৰ এনে মনোৰম অনুষ্ঠান প্ৰত্যক্ষ কৰি আপ্লুত হোৱাৰ উপৰি কুলদীপ পাটগিৰিৰ কৃতিত্বৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত সোমবাৰে কেইবাগৰাকী ডাঃ দিগন্ত চৌধুৰী, ধ্ৰুবজ্যোতি তালুকদাৰ, শৈলেন কাকতিকে আদি কৰি কেইবাগৰাকী বিশিষ্ট শিল্পীয়ে মূকাভিনয় প্ৰদৰ্শন কৰেl উক্ত অনুষ্ঠান টো আঁত ধৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰবক্তা পৰাগ বৰ্মন য়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।