ওঝাগাঁৱত পথ বেদখল মুক্ত কৰাৰ দাবীত প্ৰতিবাদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

 10/01/2019 - 15:20

খাৰুপেটীয়াঃ যুগ যুগ ধৰি ৰাইজে চলাচল কৰা এটা ব্যস্ত পথৰ দুয়োকাষ দুটা পৰিয়ালে অবৈধভাৱে দখল কৰি জেওৰা দি যাতায়তৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰাত ব্যাপক অসুবিধাৰ সন্মুখীন হয় অঞ্চলটোৰ শ শ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকল। উক্ত কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ওঝাগাঁও আঞ্চলিক সমিতি।

সংগঠনটোৱে সোমবাৰে উক্ত পথচোৱা বেদখল মুক্ত কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দৰঙৰ ধূলা থানাৰ অন্তৰ্গত ওঝাগাঁৱত। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লগান দি পথচোৱা বেদখলমুক্ত কৰাৰ বাবে জিলা প্ৰশাসনৰ ওচৰত দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।