১০০ কোটিক লৈ সন্তুষ্ট গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ

 02/07/2019 - 17:39

গুৱাহাটীঃ অসম চৰকাৰে খিলঞ্জীয়া গৰিয়া, মৰিয়া, দেশী, জোলহা, মাইমল, পাংগল আদি জনগোষ্ঠীৰ উন্নয়নৰ বাবে সুকীয়া সঞ্চালকালয়, সুকীয়া আৰ্থ-সামাজিক জৰীপ কৰাৰ লগতে জনগোষ্ঠীসমূহৰ উন্নয়নৰ বাবে পোন প্ৰথমবাৰৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে৷

২০১৯-২০ বাজেটত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰাত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে আদৰণি জনাই সমগ্ৰ ঘোষণা যাতে ঘোষণাতে সীমাবদ্ধ নাথাকে তাৰ প্ৰতি দৃষ্টি ৰাখিব বুলি স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে, যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত অসমৰ গৰিয়া, মৰিয়া, দেশী, জোলহা, মাইমল, পাংগল আদি জনগোষ্ঠীকো বহু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপি দলটোৱে৷ ২০১১ চনত অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰকাশ কৰা ইস্তাহাৰত গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীক সুকীয়া জনগোষ্ঠীৰ মৰ্যদা দিয়াৰ কথা উল্লেখ কৰিছিল৷

২০১৬-২০২৫ ভিজন ডকুমেণ্টতো গৰিয়া-মৰিয়া-দেশীসকলৰ আৰ্থ-সামাজিক উন্নয়ন, ভাষা, পৰম্পৰা, কৃষ্টি-সংস্কৃতি উদ্ধাৰৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল দলটোৱে৷ ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাই জনগোষ্ঠীকেইটাক সুকীয়া জনগোষ্ঠীয় পৰিচয় দিবৰ বাবে লোকপিয়ল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা প্ৰচাৰ কৰিছিল৷ এনে পৰিপ্ৰেক্ষিতত সকলো প্ৰতিশ্ৰুতি দলটোক আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।