বেছিমাৰীত জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক

 10/01/2019 - 16:55

দলগাঁওঃ বেছিমাৰীত জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই দলংখন। বেছিমাৰী-বৰুৱাঝাৰ সংযোগী কাঠৰ দলঙখনৰ জৰাজীৰ্ণ অৱস্হা। ঠিকাদাৰৰ হেমাহিৰ বাবে নিৰ্মাণ হোৱা দলঙেদি বিচ্ছিন্ন আছিল যোগাযোগ। স্থানীয় ৰাইজে গাঠিৰ ধন ভাঙি পুৰঠ কৰিছিল দলংখনৰ দুয়োকাষৰ প্ৰকাণ্ড গাঁত। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দুৰ্ভোগ দেখি ভঙা দলংখন এজন লোকে মেৰামতি কৰিছে। দলংখনৰ পৰা পৰি হাত ভৰি ভাঙিছিল বহু লোকৰ। ভঙা দলঙৰ বাবেই ব্যাহত জৰুৰীকালীন স্বাস্থ্য সেৱা। তিনিবাৰৰ বিধায়ক ইলিয়াচ আলীৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ ক্ষোভ। গড়কাপ্তানী বিভাগৰ অকৰ্মণ্যতাৰ বাবেই ৰাইজৰ জীয়াতু ভোগাইছে ৰাইজক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।