তিনিচুকীয়াত মধ্যাহ্ন ভোজন আঁচনিৰ ৰন্ধন কৰ্মীৰ কৰ্মচাৰীৰ প্ৰতিবাদ

 10/01/2019 - 17:13

তিনিচুকীয়াঃ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত চলি থকা মধ্যাহ্ন ভোজন আঁচনি ৰাজ্য চৰকাৰে ব্যক্তিগত খণ্ডক গটাই দিব বিচৰা কাৰ্যৰ বিৰোধীতাৰে মঙ্গলবাৰে তিনিচুকীয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তিনিচুকীয়া জিলাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী ইনিয়নৰ ৰন্ধনকৰ্মীসকলে।

প্ৰাথমিক বিদ্যালয়ৰ শিশুসকলক সতেজ পুষ্টিকৰ দুপৰীয়াৰ আহাৰৰ পৰা বঞ্চিত কৰাৰ লগতে মধ্যাহ্ন ভোজন আঁচনিত কৰ্মৰত দৰিদ্ৰ ৰন্ধন কৰ্মীসকলক সামান্য মাননিৰ কামৰ পৰাও বিতাড়িত কৰি আঁচনিখন অনা চৰকাৰী সংস্থা ( NGO) কিছুমানক গতোৱাৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰন্ধন কৰ্মীসকলে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত অভিনৱ ধৰনেৰে কাঁহী বাতি বজাই সাব্যস্ত কৰে প্ৰতিবাদ।

ইফালে প্ৰায় দুই শতাধিক ৰন্ধনকৰ্মীয়ে থানাচাৰি আলি লৈকে সমদল কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে অতিশীঘ্ৰে চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে জংগী আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰে ৰন্ধনকৰ্মীসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।