কোকিলা গাওঁ পঞ্চায়ত কাৰ্য্যালয়ত প্লাষ্টিক মুক্ত সজাগতা সভা অনুষ্ঠিত

 10/01/2019 - 17:37

কোকিলাঃ বঙাইগাঁও জিলাৰ কোকিলা গাওঁ পঞ্চায়ত কায্যালয়ত মঙলবাৰে দুপৰীয়া ৰূপজ্যোতি সংঘ্যৰ উদ্যোগত আৰু কোকিলা গাওঁ পঞ্চায়তৰ সহযোগত প্লাষ্টিক মুক্ত সজাগতা সভা অনুষ্ঠিত হয়।

পঞ্চায়ত সভাপতি আব্দুছ ছাত্তাৰ আহমেদৰ পৌৰহিত্বত অনুষ্ঠিত সভাত স্হানীয় এনজিঅ, আত্মসহায়ক গোট আৰু স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে সভাত অংশ গ্ৰহণ কৰে। সভাত বঙাইগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তা জিতুমণি দাস, জিমলি দাস, ফাতেমা ইয়াছিন, কৰমসিং ইছলাৰী, সৃজনগ্ৰাম আঞ্চলিক পঞ্চায়তৰ সভাপতি মন্তাজ আলীয়ে অংশ গ্ৰহণ কৰে।

সভাত কেইবা সহস্ৰাধিকলোক উপস্থিত থাকে। সভাত প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ পঞ্চায়ত সভাপতিয়ে উপস্থিত লোকক শপতবাক্য পাঠ কৰায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।