কাকপথাৰত সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ কৰ্মবিৰতি পালন

 10/01/2019 - 18:43

কাকপথাৰ: সমগ্ৰ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ ফলত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ খণ্ড উন্নয়ন বিষায়ৰ কাৰ্যালয়ৰ লগতে গাওঁ পঞ্চায়তৰ কাৰ্যালয়সমূহ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালনৰ সমান্তৰালভাৱে মঙলবাৰে কাকপথাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মূখতো অৱস্থান ধৰ্মঘট কৰি কৰ্মবিৰতি পালনেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷

উক্ত বিভাগটোৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, দৰমহা বৃদ্ধি কৰা আৰু অন্য চৰকাৰী কৰ্মচাৰীৰ সমান্তৰালকৈ সা-সুবিধাসমূহ প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয়৷ সমগ্ৰ ৰাজ্যত অক্টোবৰ মাহৰ ১ পৰা ১১ তাৰিখৰ ভিতৰত ১, ২, ৩, ১০ আৰু ১১ অক্টোবৰত কৰ্মবিৰতি পালন কৰা হ’ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক গীৰিণ মৰাণে জানিবলৈ দিয়ে৷

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সম কামৰ সমবেতন প্ৰদান কৰিব লাগে যদিও ৰাজ্য চৰকাৰে দৰমহা প্ৰদান নকৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে৷ ইয়াৰ পিছতো যদি চৰকাৰ তথা বিভাগে তেওঁলোকৰ দাবীসমূহ সমাধান কৰাত বিশেষ গুৰুত্ব প্ৰদান নকৰে তেন্তে অনাগত সময়ত জংগী আন্দোলন কৰাৰ হুমকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।