হাউলীত আৰক্ষীৰ সজাগতা সভা সম্পন্ন

 10/01/2019 - 18:59

হাউলীঃ অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি হাউলী থানাৰ উদ্যোগত মঙলবাৰে দিনৰ তিনি বজাত এখন সজাগতা সভা সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাঘৱ দাসৰ পৌৰোহিত্যত হাউলী থানা চৌহদত অনুষ্ঠিত হয়| সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসে| সভাত হাউলী অঞ্চলৰ বিভিন্ন পূজা কমিটিৰ সভাপতি, সম্পাদক সকল উপস্থিত থাকি আগন্তুক পূজাৰ সময়ত শান্তি শৃংখলা বজাই ৰাখিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে|

উক্ত সভাত হাউলী আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তথা হাউলী সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ নাথ পূজাৰী, সমাজ সেৱিকা অঞ্জলী চৌধুৰী, শ্ৰমিক নেতা কামৰুল ইছলাম, বাঙালী ফেডাৰেচনৰ নেতা ৰতন সেন, হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ পাঠক আদিয়ে উপস্থিত থাকি আগন্তুক দুৰ্গাপূজা, ৰাসপূজা, কালীপূজা, লক্ষ্মীপূজা বিভিন্ন কাৰ্যসূচীত শান্তি-শৃংখলা অটুট ৰাখিবলৈ সকলোকে আহ্বান জনায়| সভাৰ শেষত থানা চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।