বোকাপানীৰে একাকাৰ কদমতলৰ পৰা মিলনপুৰ পথ, যাতায়তত দুৰ্যোগ সৌৰামুৰীবাসী ৰাইজৰ

 10/01/2019 - 19:49

বাহাৰঘাটঃ হাজো বিধানসভা সমষ্টিৰ বাৰাংহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত সৌৰামুৰী গাঁওৰ কদমতলৰ পৰা মিলনপুৰলৈ পথ চোৱাৰ অৱস্থা দেখিলে সকলো পৰ্যায়ৰ ৰাইজে আচৰ্য প্ৰকাশ কৰিব৷ পৰিবৰ্তনশীল চৰকাৰৰ তিনি বছৰ উকলি যোৱাৰ পিছতো উক্ত পথছোৱা মেৰামতিৰ নামত মাথো ভেকোভাঁওনা হে চলি থাকিল৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা কেইবাবাৰো পথটো মেৰামতি কৰিছিল যদিও পথটো যাতায়তৰ উপযোগী হৈ নুঠিল৷

মাথো পঞ্চায়ত পৰ্যায়ত খিৰতী খাইত পৰিনত হৈছে পথটো৷ বৰ্তমান ধাৰাবাহিক বৰষুণৰ বাবে পথটো বোকা পানীৰে একাকাৰ হৈ কদৰ্য ৰূপ ধাৰন কৰিছে৷ উক্ত পথটোৰে যানবাহনটো দুৰৰ কথা খোজকাঢ়ি যাব লাগিলে জোতা-চেণ্ডেল পিন্ধি যোৱাৰ পৰিৱেশ নাই৷ স্থানীয় ৰাইজে এইক্ষেত্ৰত খেদ প্ৰকাশ কৰি কয় য়ে স্থানীয় নিকায় গাঁও পঞ্চায়তৰ প্ৰতিনিধি তথা স্থানীয় বিধায়িকাক বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো পথটো যাতায়তৰ বাবে উপযোগী কৰি তোলা নাই৷

সেয়েহে পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি বিজিত কলিতা সহ স্থানীয় কেইবাজনো বিশিষ্ট ব্যক্তিয়ে আক্ষেপ কৰি কয় ইমান জনবহুল আৰু গুৰুত্বপূৰ্ণ পথ এটাৰ কদৰ্য ৰূপ অঞ্চলটোৰ বাবে দুৰ্ভাগ্যজনক৷ সেয়ে পথটো শীঘ্ৰে মেৰামতি কৰি যাতায়তৰ সুচল কৰাৰ বাবে ছাত্ৰসন্থাই জনপ্ৰতিনিধিসকলৰ ওচৰত দাবী জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।