ষষ্ঠবাৰলৈ ভাৰতৰ সবাতোকৈ মূল্যবান ব্ৰেণ্ড হিচাপে মূল্যাংকিত হৈছে এইচ ডি এফ চি বেংক

 10/01/2019 - 20:33

গুৱাহাটীঃ ভাৰতৰ অগ্ৰণী বিত্তীয় প্ৰতিষ্ঠান এইচ ডি এফ চি বেংক ক্ৰমাগতভাৱে ষষ্ঠবাৰলৈ ভাৰতৰ সবাতোকৈ মূল্যবান ব্ৰেণ্ড হিচাপে মূল্যাংকিত হৈছে৷ বিশ্ব যোগাযোগ সেৱা উদ্যোগ ডব্লিউ পি পিৰ অধীনত কাণ্টাৰ মিলৱাৰ্ড ব্ৰাউনে অনুষ্ঠিত কৰা সৰ্বেক্ষণ এটাত এই ফলাফল প্ৰকাশ পাইছে৷

‘২০১৯ ব্ৰেণ্ডজটিএম টপ ৭৫ ম’ষ্ট ভেলুৱেবল ইণ্ডিয়ান ব্ৰেণ্ডছ্’ শীৰ্ষক সৰ্বেক্ষণটোত এইচ ডি এফ চি বেংকক পূৰ্বৰ বৰ্ষৰ তুলনাত ৫% বৃদ্ধিৰে ২২.৭ বিলিয়ন ডলাৰৰ ব্ৰেণ্ড হিচাপে আখ্যা দিয়া হৈছে৷ এইচ ডি এফ চি বেংকটোৰ সন্দৰ্ভত ব্ৰেণ্ডজে তেওঁলোকৰ প্ৰতিবেদনত এইদৰে লিখিছে, ‘‘এইচ ডি এফ চি বেংকে অগ্ৰগামী তথা উদ্ভাৱনী চিন্তাৰ সৈতে গ্ৰাহকৰ প্ৰয়োজনীয়তা অনুসৰি নিৰৱচ্ছিন্ন পৰিৱৰ্তনৰ পথ প্ৰদৰ্শিত কৰিছে৷

নতুন বিত্তীয় সামগ্ৰী, ডিজিটেল বেংকিং আৰু নতুন শাখা স্থাপনৰ সৈতে বেংকটোৱে ৫% বৃদ্ধিৰে ২২.৭ বিলিয়ন ডলাৰৰ ব্ৰেণ্ডলৈ পৰিণত হৈছে৷’’

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।