লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুস্থিত

 10/01/2019 - 20:47

ঢেকীয়াজুলিঃ ৰাজ্যৰ মহাবিদ্যালয়সমূহত চলি আছে নিৰ্বাচনী বতাহ। এইবেলি মঙলবাৰে ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়তো ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুস্থিত হয়। মহাবিদ্যালয়খনৰ মুঠ ১৩টা পদত ৯ গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হ'বলৈ সক্ষম হয়।

সমাজ সেৱা পদৰ বাহিৰে আন সকলোবোৰ পদৰ প্ৰাৰ্থীয়েই বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয়। তিনিটা পদত কোনোধৰণৰ প্ৰাৰ্থীয়ে প্ৰতিনিধিত্ব কৰা নাই। সমাজসেৱা পদৰ প্ৰাৰ্থী হাফিজুৰ ৰহমান আৰু উৎপল চন্দাৰ মাজত তীব্ৰ প্ৰতিদন্ধিতা হয়।ফলত সমাজসেৱা পদটোৰ বাবেই নিৰ্বাচন অনুস্থিত হয়।

ইতিমধ্যে মঙলবাৰে পুৱা ৯:৩০ বজাৰ পৰা ভোট গ্রহণ আৰম্ভ হৈ ১২ বজাত শেষ হয়। ইয়াৰ পাছতে ভোট গণনা কৰা হয় আৰু সমাজ সেৱাৰ পদৰ প্ৰাৰ্থী উৎপল চন্দাই ১৬৩ ভোট লাভ কৰাৰ বিপৰীতে হাফিজুৰ ৰহমানে ৭৮৬ টা ভোটত জয়ী হ'বলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।