বিষপান কৰি বিবাহিত মহিলাৰ আত্মহত্যাৰ চেষ্টা

 10/01/2019 - 21:03

অভয়াপুৰীঃ অভয়াপুৰীত বিষপান কৰি বিবাহিত মহিলাৰ আত্মহত্যাৰ চেষ্টা।

অভয়াপুৰীৰ বিদ্যাপাৰাৰ আৰতি মণ্ডল নামৰ মহিলা গৰাকীয়ে মঙলবাৰে বিষপান কৰাত পৰিয়ালৰলোকে মুমূৰ্ষু অৱস্থাত আৰতি মণ্ডলক অভয়াপুৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰায়।

সম্প্ৰতি চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা মহিলা গৰাকীয়ে জানিবলৈ দিয়া মতে তেওঁৰ স্বামী বৈদ্যনাথ মণ্ডলৰ লগত চলি থকা দীৰ্ঘদিনীয়া সংঘাতৰ বাবেই তেওঁ মঙলবাৰে বিষপান কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।