চেন্নাইত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্জ্বলিল অসমৰ দল

 10/01/2019 - 21:11

লখিমপুৰঃ চেন্নাইত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ দলে সগৌৰৱেৰে সোণৰ পদকসহ ৮ টা কৈ পদক আনিবলৈ সক্ষম হয়। পদক প্ৰাপ্তসকল ক্ৰমে- শ্যামল গগৈ, নৱনীত চেতিয়া, ৰিম্পী শইকীয়া, ধনটি শইকীয়া, বন্দিতা নাথ, জুপিতৰা গগৈ আৰু গীতালি দাস৷ অসমৰ দলটি অসম কাৰাটে চিফ অৰুণ শইকীয়াৰ তত্বাৱধানত প্ৰশিক্ষণ লাভ কৰে। লখিমপুৰ জিলাৰ নাওবৈচাৰ অৰুণ শইকীয়াই এওঁলোকক প্ৰশিক্ষণ দিয়াৰ লগতে তত্বাৱধায়ক হিচাপে প্ৰতিযোগিতাৰ বাবে চেন্নাই লৈ লৈছিল। ৰাষ্ট্ৰীয় পৰ্য্যায়ত ৮ টা কৈ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।