ৰঙিয়া উন্নয়ন খণ্ড কাৰ্যালয়ত ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি পালন

 10/01/2019 - 21:15

ৰঙিয়াঃ ৰাজ্যৰ ৮৬২০ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীয়ে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত মঙলবাৰৰ পৰা উন্নয়ন খণ্ড কাৰ্যালয় আৰু গাঁও পঞ্চায়ত কাৰ্যালয়সমূহত আৰম্ভ কৰে ব্যাপক আন্দোলনৰ কাৰ্যসূচীৰ। এই পৰিপ্ৰেক্ষিতত মঙলবাৰে ৰঙিয়াত উন্নয়ন খণ্ড কাৰ্যালয় আৰু গাঁও পঞ্চায়তসমূহত কামকাজ স্তব্ধ হৈ পৰে৷

ঠিকাভিত্তিক কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰি উন্নয়ন খণ্ড কাৰ্যালয়ৰ বাৰাণ্ডাত বহি পৰে আৰু বিভিন্ন দাবীৰ সমৰ্থনত ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে৷ ৰাজ্যখনৰ উন্নয়ন খণ্ড কাৰ্যালয় আৰু গাঁও পঞ্চায়ত কাৰ্যালয়সমূহত ঠিকাভিত্তিক নিযুক্ত হৈ থকা ৮৬২০ গৰাকী গ্ৰাম ৰোজগাৰ সহায়ক, গাণনিক সহায়ক, পঞ্চায়ত সহায়ক, কনিষ্ঠ সহায়কে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা, গ্ৰেড পেসহ স্কেলত দৰমহা প্ৰদান কৰা, পি এফৰ সুবিধা প্ৰদান আৰু অন্যান্য চৰকাৰী সা-সুবিধা প্ৰদানৰ দাবীত মঙলবাৰৰ পৰা ১১ অক্টোবৰলৈ কৰ্মবিৰতি ঘোষণা কৰিছে৷

এই সন্দৰ্ভত ৰঙিয়াত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদ, অসমৰ ৰঙিয়া জিলা সমিতিৰ কৰ্মকৰ্তাসকলে কয় ৰাজ্যখনৰ গ্ৰামোন্নয়নৰ ক্ষেত্ৰত মূল চালিকা শক্তিৰ ভূমিকা পালন কৰি অহা ঠিকাভিত্তিক কৰ্মচাৰীসকলে বিগত প্ৰায় ১০ বছৰ ধৰি অতি দায়িত্বসহকাৰে কৰ্তব্য সম্পাদন কৰি আহিছে যদিও চৰকাৰে তেওঁলোকক মানুহ বুলি গন্য কৰা নাই৷

ৰাজ্যখনৰ এইসকল কৰ্মচাৰীয়ে তেওঁলোকৰ দাবীসমূহ পূৰণৰ অৰ্থে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী, বিত্ত মন্ত্ৰী, আয়ুক্ত সচিব আদিক বাৰম্বাৰ স্মাৰকপত্ৰ প্ৰদান কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো এজনেও গুৰুত্ব প্ৰদান কৰা নাই৷

এনে পৰিস্থিতিত তেওঁলোকৰ হাতত আন্দোলনৰ গত্যন্তৰ নাই৷ অনতিপলমে চৰকাৰে ঠিকাভিত্তিক এইসকল পঞ্চায়ত কৰ্মচাৰীৰ দাবী পূৰণ নকৰিলে অনাগত দিনত আন্দোলন আৰু অধিক তীব্ৰতৰ কৰি তোলা হ’ব বুলি প্ৰতিবাদকাৰী সকলে সকিয়াই দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।