স্নাতক চূড়ান্ত পৰীক্ষাত ৰঙিয়াৰ নয়নিকা শৰ্মাৰ ইংৰাজী বিষয়ত প্ৰথম স্থান দখল

 10/01/2019 - 21:25

ৰঙিয়াঃ সদ্য ঘোষিত স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত 'বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, মেঘালয়'ৰ পৰা ৰঙিয়াৰ কৃতী ছাত্ৰী নয়নিকা শৰ্মাই ইংৰাজী বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে৷ গোৰেশ্বৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মূৰব্বী অধ্যাপক ড° ভৱকুমাৰ শৰ্মা আৰু অনিতা শৰ্মাৰ কন্যা নয়নিকা শৰ্মাক এই সাফল্যৰ বাবে বিশ্ববিদ্যালয়খনে সোণৰ পদক প্ৰদান কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।