নলবাৰীত গান্ধীজয়ন্তী উপলক্ষে স্বচ্ছ ভাৰত অভিযান

 10/02/2019 - 11:50

নলবাৰীঃ বুধবাৰে দেশ জুৰি পালন কৰা হৈছে গান্ধীজয়ন্তী। আৰু এই গান্ধীজয়ন্তী সমগ্ৰ দেশজুৰি স্বচ্ছ ভাৰত অভিযান পালন কৰাৰ লগতে প্লাষ্টিক বৰ্জনৰ কাৰ্যসূচী হাতত লোৱা হৈছে। সেইমৰ্মে নলবাৰী জিলা প্ৰশাসন আৰু নলবাৰী পৌৰসভাৰ উদ্যোগত গান্ধীজয়ন্তী উপলক্ষে নলবাৰী জিলাতো স্বচ্ছ ভাৰত আৰু প্লাষ্টিক বৰ্জনৰ কাৰ্যসূচী পালন কৰা হয়।

নলবাৰী গৰ্ডন স্কুল খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰীসকল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী তথা স্থানীয় বিধায়ক অশোক শৰ্মা, জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, নলবাৰীৰ পৌৰপতি বিপাশা দাস সহ বহুকেইজন লোক উপস্থিত থাকে তথা চহৰৰ মাজেৰে এটি সজাগতা ৰেলী উলিওৱা হয়।

ৰাতিপুৱাৰ ভাগত নলবাৰী আৰক্ষীৰ সৌজন্যত নলবাৰী চহৰত চাফাই অভিযান চলোৱা হয়। নলবাৰী আৰক্ষী অধীক্ষ অমনজিৎ কৌৰৰ নেতৃত্বত চলা এই চাফাই অভিযানত জিলাখনৰ সকলো পুলিচকৰ্মীয়ে অংশগ্ৰহণ কৰে তথা প্লাষ্টিক বৰ্জনৰ ওপৰত আৰক্ষী অধীক্ষক গৰাকীয়ে মত-বিনিময় কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।