বন্দুক এৰি হাতত ঝাড়ু লৈ ৰাজপথত খাকী পোছাকধাৰী

 10/02/2019 - 12:14

কামৰূপঃ হাজোৰ ৰাজপথত ব্যতিক্ৰমী দৃশ্য। AK৪৭ নহয় হাতত ঝাড়ু লৈ ৰাজপথত নামিল এদল খাকী পোছাকধাৰী। পিন্ধনত খাকি পোছাক হাতত ঝাড়ু। হঠাৎ হাজো আৰক্ষী থানাৰ পৰা সমদল কৰি ওলাই আহিল এইসকল আৰক্ষী।

কাৰণ বুধবাৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্মজয়ন্তী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক সঁহাৰি জনায় হাজো আৰক্ষী থানাৰ OC ভাস্কৰ বৰ্মনৰ নেতৃত্বত উলিওৱা হ’ল বৃহৎ সজাগতা সমদল।

প্লাষ্টিক বৰ্জনৰ বাবে ৰাইজক আহ্বান জনোৱাৰ লগতে হাজোৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ পাখামেলাত চাফাই অভিযান চলালে আৰক্ষী যোৱানসকলে। আৰক্ষীৰ সমানে সমানে চাফাই অভিযানত নামিল মহিলা আৰক্ষীও। হাজো আৰক্ষী থানাৰ এই পদক্ষেপ স্বাভাৱিকতে প্ৰশংসনীয় হিচাপে বিবেচিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।