ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে লাহৰীঘাটতো ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি

 10/02/2019 - 12:32

লাহৰীঘাটঃ মঙ্গলবাৰে ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে। নিম্নতম দৰমহা আৰু চাকৰি নিয়মীয়াকৰন কৰাৰ দাবীত সমগ্র ৰাজ্যৰ লগতে মৰিগাঁওত দেখিবলৈ পোৱা যায় ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ কৰ্মবিৰতি প্ৰতিবাদ।

জিলাখনৰ লাহৰীঘাট উন্নয়নখণ্ডৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই কৰ্মবিৰতি প্ৰতিবাদত লাহৰীঘাট উন্নয়নখণ্ডৰ প্ৰায় ১০৫ গৰাকী আৰু জিলাখনৰে মুঠ ৩৭৩ গৰাকী কৰ্মচাৰীয়ে এই কৰ্মবিৰতি প্ৰতিবাদত অংশগ্ৰহণ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।