গোলাঘাটত চাঞ্চল্যকৰ হত্যাকাণ্ড

 10/02/2019 - 12:41

গোলাঘাটঃ অবৈধ প্ৰেমৰ পৰিণতিত এগৰাকী মহিলাক হত্যা। ধাননি পথাৰৰ মাজত উদ্ধাৰ ৰশ্মি দত্ত নামৰ মহিলা গৰাকীৰ মৃতদেহ। গোলাঘাট আৰক্ষীয়ে ফৰকাটিংৰ শিঙিজানৰ পথাৰৰ জাবৰেৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ কৰিছে। ম‌ইনাপাৰাৰ ইজাজুল আলি নামৰ বিবাহিত পুৰষ এজনৰ লগত অবৈধ সম্পৰ্ক আছিল মহিলা গৰাকীৰ।

২৪ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল দুয়ো। বৰ্তমান হত্যাকাৰী ইজাজুল আলীক গ্ৰেপ্তাৰ কৰিছে গোলাঘাট আৰক্ষীয়ে। মহিলাগৰাকীক পলুৱাইনি হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে গোলাঘাটত। মৃত মহিলাগৰাকীৰ স্বামীৰ সৈতে হত্যাকাৰী ইজাজুল আলীৰ বন্ধুত্ব আছিল। আৰু বন্ধুৰ পত্নীৰ লগত প্ৰায় ডেৰবছৰ ধৰি অবৈধ সম্পৰ্ক গঢ়ি তোলাৰ পাছত কি পৰিস্হিতিত হত্যা কৰিব লগা হ’ল সেইয়া তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।