ৰঙিয়াত জাতিৰ পিতা মহাত্মাগান্ধীৰ জন্ম জয়ন্তী পালনঃ প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ আহ্বান মন্ত্ৰী ভৱেশ কলিতাৰ

 10/02/2019 - 13:10

ৰঙিয়াঃ ৰঙিয়াত মহামানৱ মহাত্মাগান্ধীৰ ১৫০তম্ জন্ম জয়ন্তী ৰূপায়ন কৰা হয়। এই উপলক্ষে বুধবাৰে পুৱাৰ ভাগত ৰঙিয়াৰ গান্ধী মণ্ডপত স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাৰ লগতে ৰঙিয়া মহকুমাৰ প্ৰশাসনীয় মুৰব্বী সকলে গান্ধী জয়ন্তী পালন কৰে।

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি স্বচ্ছ ভাৰতৰ এক সংকল্প যাত্ৰা ৰূপায়ণ কৰে। জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি মাল্যৰ্পন কৰি জাতিৰ পিতা মহাত্মা গান্ধীয়ে দেশ স্বাধীনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বিষয়ে বক্তব্য ৰাখে। ৰঙিয়াৰ কেইবাগৰাকী জেষ্ঠ ব্যক্তি উপস্থিত থকা কাৰ্য্যসূচীৰ পিচতে ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া নগৰৰ মুল পথৰ মাজেৰে স্বচ্ছ ভাৰত অভিযানৰ এক সংকল্প যাত্ৰা উলিওৱা হয়।

মন্ত্ৰী ভৱেশ কলিতাই শুভ উদ্বোধন কৰি সংকল্প যাত্ৰাৰ জৰিয়তে জনসাধাৰণক পাষ্টিক ব্যৱহাৰ বন্ধ কৰিবলৈ আহ্বান জনাই। ইফালে উক্ত কাৰ্য্যসূচীত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনিদ্ৰ বৰদলৈ, ৰঙিয়া পৌৰ সভাৰ পৌৰ সভানেত্ৰী সীমা বৈশ্য আদিৰ লগতে বিশিষ্ট নাগৰিক সকল উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।