ৰঙিয়া আৰক্ষীৰ প্লাষ্টিক বিৰোধী সজাগতা সভা

 10/02/2019 - 13:29

ৰঙিয়াঃ গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি ৰঙিয়া আৰক্ষীয়ে স্বচ্ছ ভাৰতৰ সংকল্প হিচাপে প্লাষ্টিক ব্যৱহাৰ বন্ধ কৰাৰ বাবে এক সজাগতা অভিযান ৰূপায়ণ কৰে। ৰঙিয়া আৰক্ষীৰ উদ্যোগত পুৱাৰ ভাগত আৰক্ষী থানা চৌহদৰ পৰা এক শোভাযাত্ৰা উলিওৱা হয়।

ৰঙিয়া মহকুমা আৰক্ষী বিষয়া কংকণ কুমাৰ নাথে শুভ উদ্ধোধন কৰা শোভাযাত্ৰাত নেতৃত্ব দিয়ে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱাই। এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক পৰিহাৰ কৰা, নিজৰ ঠাইখন স্বচ্ছ কৰি ৰখা আদি বেনাৰ পোষ্টাৰ লৈ শোভাযাত্ৰাকাৰী দলটোয়ে ৰঙিয়াৰ সোঁমাজৰ মুল মুল পথ সমুহৰে পদ যাত্ৰা কৰি প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে জনসাধৰণক সজাগ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।