বাক্সাৰ শালবাৰী মানাহত ফিট ইণ্ডিয়া ফ্লগিং ৰাণৰ আয়োজন

 10/02/2019 - 13:37

শালবাৰীঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ দিনা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ মহকুমা সদৰ শালবাৰীতো ফিট ইণ্ডিয়া ফ্লগিং ৰাণৰ আয়োজন কৰা হয়। ফিট ইণ্ডিয়া ফ্লগিং ৰানৰ লগত সংগতি ৰাখি স্বচ্ছ ভাৰত কাৰ্যসূচী ৰূপায়ন কৰা হয়।

শালবাৰী মহকুমা প্ৰসানৰ প্ৰশাসনৰ উদ্যোগত আৰক্ষী, এছ এছ বিৰ জোৱান, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীয়ে হাতে হাতে ঝাড়ুলৈ সমদল কৰি শালবাৰী আদৰ্শ চিকিৎসালয়ৰ পৰা শালবাৰী বজাৰ হৈ মহকুমাধিপতি কাৰ্যালয়লৈ প্লাষ্টিকজাতীয় আৱৰ্জনাবোৰ বুটলি লৈ যায় আৰু ডাষ্টবিনত পেলোৱাৰ লগতে মহকুমাধিপতি নিত্য বিনোদ ওৱাৰীয়ে শালবাৰী বজাৰৰ দোকান-পোহাৰত প্লাষ্টিক মোনাৰ বিপৰিতে কাগজৰ মোনা সালসলনি কৰে।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ পৰিস্কাৰ কৰাৰ উদ্দেশ্যে স্থানীয় চেন্ট জেভিয়াৰ্ছ ইংলিছ স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে ঝাড়ু লৈ চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।