বাপুজীৰ জন্মজয়ন্তী উপলক্ষে পলাশবাৰী আৰক্ষীৰ স্বচ্ছ অভিযান

 10/02/2019 - 13:55

মিৰ্জাঃ সমগ্ৰ দেশে বিস্তৃতকাৰ্যসূচীৰে উদযাপন কৰিছে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০তম জন্ম বাৰ্ষিকী। গান্ধীজীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৈত্যন্দ্ৰ সিং হাজাৰীৰ নেতৃত্বত বুধবাৰে পুৱাই হাতে-হাতে ঝাড়ু , দা, কোৰ লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত সমান্তৰালভাৱে দক্ষিণ কামৰূপৰ প্ৰাণ কেন্দ্ৰস্বৰূপ মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চ'কত কৰিলে চাফাই অভিযান।

চাফাই অভিযানকালত পলাশবাৰী আৰক্ষী থানাৰ লগতে থানাখনৰ অন্তৰ্গত ৰাণী-বিজয়নগৰ-পলাশবাৰী নগৰ উপ-আৰক্ষীচকী সমুহেও সহযোগিতা আগবঢ়ায়। স্বচ্ছ অভিযান কাৰ্যসূচীত প্ৰায় শতাধিক আৰক্ষীবিষয়া-জোৱান সকলে একত্ৰিত হৈ চ'কৰ প্ৰায় ৫-৬ কিলোমিটাৰ ৰাস্তাৰ আৱৰ্জনা চাফা কৰাৰ লগতে থানাৰ চৌহদ পৰিস্কাৰ-পৰিচ্চন্ন কৰি স্বচ্ছ পৰিৱেশৰ সৃষ্টি কৰে। কাৰ্যসূচীৰ শেষত সকলোকে নিজৰ নিজৰ ঘৰৰ চৌপাশ, ৰাজহুৱাস্থান, মন্দিৰ-মছজিদ, অনুষ্ঠান-প্ৰতিষ্ঠান, আদি প্ৰতিদিনে পৰিস্কাৰ-পৰিচ্চন কৰি ৰাখিবলৈ আৰক্ষী বিষয়া হাজাৰীয়ে আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।