হাউলীত অসম আৰক্ষীৰ চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন

 10/02/2019 - 14:02

হাউলীঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি হাউলী আৰক্ষী থানাৰ উদ্যোগত ৰাতিপুৱা আঠ বজাৰ পৰা হাউলী নগৰত চাফাই  অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে|  চাফাই  অভিযান কাৰ্যসূচীৰ শুভাৰম্ব কৰে হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসে| হাউলী চাৰিআলিৰ পৰা আৰম্ভ কৰি নগৰখনৰ চুকে-কোনে আৰক্ষীৰ জোৱানসকলে হাতে-হাতে ঝাড়ু, কোৰ, বেলচা আদিৰে পৰিষ্কাৰ কৰি জাৱৰ-যোথৰসমূহ নগৰ সমিতিৰ ট্ৰেক্টৰে অন্য ঠাইত পেলোৱাৰ ব্যৱস্থা কৰা হয়|

হাউলী আৰক্ষীয়ে আমাৰ হাউলীখন প্লাষ্টিক মুক্ত কৰোঁ আহক, ঘৰতে গোটোৱা জাৱৰ-যোথৰ বেলেগে ৰখাৰ অভ্যাস কৰক, বজাৰ কৰাৰ কাৰণে কাপোৰৰ বেগ লৈ অভ্যাস কৰক, জাৱৰ-যোথৰ যতে ততে নেপেলাই ডাচবিনত পেলাওক, মুকলি মলমূত্র ত্যাগ নকৰিব, উপহাৰৰ বাবে কাপোৰ বা কাগজৰ বেগ ব্যৱহাৰ কৰক, পাকঘৰত ওলোৱা জাৱৰ গাঁত ড্ৰাম ব্যৱহাৰ কৰি ঘৰুৱা সাৰ হিচাপে ব্যৱহাৰ কৰক, স্বচ্ছতাসেৱা কাৰ্যসূচীত ভাগ লওঁক, দুই অক্টোবৰৰ সামূহিক শ্ৰমদান কাৰ্যসূচীত ভাগলৈ প্লাষ্টিকৰ জাৱৰ আদি সংগ্ৰহ কৰি আমাৰ হাউলীখন পৰিষ্কাৰ কৰক, আপোনাৰ ঠাইখন পৰিষ্কাৰ আৰু সুন্দৰ কৰি আমাক সহায় কৰক আদি দাবীসমূহ কাৰ্যকৰী কৰিবলৈ এক গোহাৰি যোগে হাউলী বাসীক অনুৰোধ জনাইছে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।