জনীয়া গাঁও পঞ্চায়তত ১৫০ বছৰীয়া গান্ধী জয়ন্তী উদযাপন

 10/02/2019 - 14:27

জনীয়াঃ বৰপেটা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত জনীয়া গাঁও পঞ্চায়তৰ স্বচ্ছগ্ৰাহী আবু তালেব আহমেদৰ তত্বাৱধানত আৰু ৮১নং জনীয়া গাঁও পঞ্চায়তৰ সহযোগত ১৫০ বছৰীয়া গান্ধী জয়ন্তী উদযাপন কৰা হয়। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি জনীয়া গাঁও পঞ্চায়তৰ পৰা স্বচ্ছ ভাৰত মিছনৰ ওপৰত শোভাযাত্ৰা উলিওৱা হয়।

শোভাযাত্ৰাত 'প্লাষ্টিকৰ ব্যৱহাৰ বৰ্জন কৰক, 'মৰাপাটৰ বেগৰ সৈতে সম্বন্ধ গঢ়ি তোলক, স্বচ্ছতাৰ প্ৰতি সজাগ হওঁক আদি ধ্বনিৰে উত্তাল কৰি তোলে। শোভাযাত্ৰাৰ অন্তত জনীয়া গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত স্বচ্ছ ভাৰত মিছন (গ্ৰামীন)ৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হয়। জনীয়া গাঁও পঞ্চায়তৰ সভাপতি ছাবেদ আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে জনীয়া গাঁও পঞ্চায়তৰ স্বচ্ছগ্ৰাহী আবু তালেব আহমেদে। উক্ত সভাত সচিব খন্দকাৰ ছফিউৰ ৰহমান, সভাপতি ছাবেদ আলীয়ে মহাত্মা গান্ধীৰ আদৰ্শ আৰু স্বচ্ছ ভাৰত মিছনৰ তাৎপৰ্যৰ ওপৰত বক্তব্য আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।