এগৰাকী যুৱতীৰ কাতৰ অনুৰোধ

 10/02/2019 - 14:29

গোলাঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত দিঘলী মিচিং গাঁৱৰ মাইনু মিলিৰ ১৮ বছৰীয়া কন্যা দীপিকা মিলিৰ ৯ মাহ ধৰি দুয়োটা কিডনি বিকল হৈ আছে। প্ৰথম অৱস্থাত ডিব্ৰুগড়ত তাৰ পিছত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰিছিল যদিও টকাৰ অভাৱত ঘৰলৈ ওভতাই আনিছে দীপিকা মিলিক৷

দিনে দিনে শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটা দীপিকা মিলি ঘৰত বহি বহিয়ে মৃত্যুৰ ক্ষণ গনিছে৷ অসহায় পিতৃ মাতৃয়ে মাথো চকুলো টুকিছে কন্যালৈ চাই৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃয়ে ঘৰৰ সা-সম্পত্তি বিক্ৰী কৰি কন্যাক চিকিৎসা কৰা পিছত এতিয়া উপায়হীন হৈ ৰাইজৰ সহায় বিচাৰিছে। দীপিকা মিলিক আপোনাৰ সহায়ৰ প্ৰয়োজন।

আৰ্থিকভাৱে জুৰুলা হৈ পৰা পৰিয়ালটোয়ে অসহায় হৈ দীপিকাৰ চিকিৎসাৰ বাবে চৰকাৰ তথা ৰাইজলৈ কাতৰ অনুৰোধ জনাই সহায়ৰ বাবে। দীপিকা মিলিক আপোনালোকে সহযোগিতা আগবঢ়াব বিছাৰিলে, অসম গ্ৰামীণ বিকাশ বেঙ্ক "বৰপথাৰ" শাখাত মাতৃ চুনাতি মিলিৰ নামত থকা ৭২১৪০১০০৩৪১০৪ একাউন্ট নম্বৰ আই এফ এচ চি: UTBI0RRBAGB অথবা ফোন: ৬০০১৮৭৭৪০৫ নম্বৰত যোগাযোগ কৰিবলৈ পিতৃ-মাতৃয়ে কাতৰ আহ্বান জনাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।