নলবাৰীৰ বিজেপি কাৰ্যালয়ত গান্ধী জয়ন্তী পালন

 10/02/2019 - 14:33

নলবাৰীঃ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে নলবাৰী জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত গান্ধী জয়ন্তী পালন কৰা। গান্ধী জয়ন্তী উপলক্ষে নলবাৰীৰ বিজেপি কৰ্মীসকলে স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

সেইমৰ্মে বিজেপিৰ কাৰ্যালয়ত স্হানীয় বিধায়ক অশোক শৰ্মা আৰু নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাই উক্ত কাৰ্যসূচীত যোগদান কৰি বিজেপিৰ কৰ্মীসকলৰ লগত নলবাৰী চহৰত চাফাই অভিযান চলোৱাত অংশ গ্ৰহণ কৰাৰ লগতে এটা ৰেলিও নলবাৰী চহৰত উলিয়াই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।