স্বচ্ছতাৰ নগ্ন স্বৰূপ লংকা চহৰত

 10/02/2019 - 14:53

লংকাঃ দুই অক্টোবৰ মহা মানৱ জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 তম জন্ম বাৰ্ষিকী। তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বুধবাৰৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষক প্ৰদূষণ মুক্ত কৰি তোলাৰ সংকল্প লবলৈ আহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দেশৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্লাষ্টিক বৰ্জনৰ সজাগতা।

কিন্তু কিমান দূৰ সফল এই আঁচনি অসমৰ হোজাই জিলাত? স্বচ্ছতাৰ দিশৰত লংকা চহৰে কিছুদিনৰ পূৰ্বে লাভ কৰিছিল এক বিশেষ বঁটা এই মন্তব্য হোজাই জিলাৰ বিধায়ক শিলাদিত্য দেৱৰ। এই অঞ্চল কেইটা এতিয়াও ঢুকি পোৱা নাই স্বচ্ছ ভাৰত আচনিয়ে। এই কদৰ্যময় পৰিবেশৰ মাজতেই চলিছে দৈনন্দিন কাম কাজ। কিন্তু এতিয়া প্ৰশ্ন হয় সোণোৱাল চৰকাৰৰ? স্বচ্ছতাৰ শ্লোগান কিমান বাস্তৱত ৰূপায়িত হৈছে হোজাই জিলাত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।