ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্লাষ্টিক বিৰোধী সজাগতা অভিযান

 10/02/2019 - 15:14

ৰঙিয়াঃ ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ে স্বচ্ছ ভাৰতৰ সংকল্প হিচাপে প্লাষ্টিক ব্যৱহাৰ বন্ধ কৰাৰ বাবে এক সজাগতা অভিযান ৰূপায়ণ কৰে। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে স্বচ্ছ ভাৰত অভিযানৰ অধিনত প্লাষ্টিক মুক্ত এখন ভাৰত গঢ়াৰ যি প্ৰধান মন্ত্ৰীৰ সংকল্প সেই সংকল্পৰ বাস্তৱ ৰূপ দিয়াৰ বাবে চেষ্টা চলাই।

পুৱাৰ ভাগত কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলে ৰঙিয়া নগৰৰ মাজেৰে শোভাযাত্ৰা কৰি হাতে হাতে প্লে'কাৰ্ড লৈ বিশাল শোভাযাত্ৰা কৰি প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ বাবে সকলোকে আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।