ক্ষুদ্ৰ চাহ খেতিয়কৰ স্বচ্ছ ভাৰত অভিযান

 10/02/2019 - 15:41

মৰিয়নীঃ মৰিয়নীৰ নকছাৰিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত সদৌ অসম  ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ পূব যোৰহাট আঞ্চলিক সমিতিয়ে বুধবাৰে পুৱা গান্ধী জয়ন্তী উপলক্ষে চিকিৎসালয় চৌহদত চাফাই কাৰ্য্যসূচী গ্ৰহন কৰে।

ক্ষুদ্ৰ চাহ খেতিয়কৰ তৰফৰ পৰা চিকিৎসালয়খনলৈ চাৰিটা ডাষ্টবিন প্ৰদান কৰে।

ক্ষুদ্ৰ চাহ খেতিয়কৰ চাফাই কাৰ্যসূচীত অঞ্চলটোৰ বহু সংখ্যক ক্ষুদ্ৰ চাহ খেতিয়কে অংশগ্ৰহণ কৰে।   

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।