কোকৰাঝাৰত নিচাযুক্ত দ্ৰব্যসহ দুই যুৱকক গ্ৰেপ্তাৰ

 10/02/2019 - 15:46

কোকৰাঝাৰ: বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰত স্প্ৰেমেন, সোপাধৰা, চূুৰিকাৰ্যৰ দৰে অশালীন কাৰ্যকলাপ চলি থকাৰ সময়ছোৱাতে কোকৰাঝাৰ আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই হেৰইনৰ দুজন কুখ্যাত ব্যৱসায়ী কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ তেওঁলোক ক্ৰমে- গোসাইগাঁওৰ মথমবিলৰ ৰিনক নাৰ্জাৰী আৰু কোকৰাঝাৰৰ হাব্ৰুবাৰীৰ মনদ্বীপ নাৰ্জাৰী বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে৷

ধৃত দুয়োজনৰ কৱলৰ পৰা আৰক্ষীয়ে ৪৫ টা সৰু প্লাষ্টিক বটলত মুঠ ৫৮'৯ গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে ছীমকাৰ্ড সহ তিনিটা মোবাইল হেণ্ডছেটৰ লগতে আঠটা লাইটাৰ এলুমিনিয়াম পেপাৰ, বহুসংখ্যক প্লাষ্টিক বটল জব্দ কৰিছে৷ প্ৰাপ্ত বাতৰি মতে কোকৰাঝাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) মুকুট ৰাভাৰ নেতৃত্বত মঙলবাৰে নিশা এক গোপন সুত্ৰৰ পমখেদি কোকৰাঝাৰ চহৰৰ গঙ্গা হল পথৰ সমীপৰ এঘৰত তালাচী চলাই দুয়োগৰাকী যুৱকক নিচাযুক্ত সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰে৷ ধৃত দুয়োগৰাকী যুৱকক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।