দ্বিতীয় দিনাও ৰাজ্যত অব্যাহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ

 10/02/2019 - 17:05

হাইলাক‍ান্দিঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ তিনিদিনীয়া কৰ্ম বিৰতিৰে প্ৰতিবাদ অব্যাহত। পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগত বিগত বাৰবছৰে কৰ্মৰত তথা ঠিকাভিত্তিক নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীসকলে তেওঁলোকৰ বিভিন্ন দাবীত মঙলবাৰৰ পৰা ৰহা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি কৰ্মবিৰতি পালন কৰি আহিছে।

ৰাজ্যৰ আন ঠাইৰ লগতে হাইলাকান্দি জিলাতো পঞ্চায়তৰ ঠিকাভিত্তিত নিযুক্ত কৰ্মচাৰীসকলেও তেওঁলোকৰ চাকৰি সুনিশ্চিতকৰণ, দৰমহা নিয়মীয়াকৰণ কৰা, গ্ৰেড পে প্ৰদান কৰা আৰু চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীয়ে ভোগ কৰা সকলো সা-সুবিধা প্ৰদান কৰাৰ দাবীত এই তিনিদিনীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে।

প্ৰতিবাদৰ দ্বিতীয়দিনা কৰ্মচাৰীসকলে হাইলাক‍ান্দি জিল‍া পৰিষদ কাৰ্যালয়ৰ সম্মুখত অৱস্থান ধৰ্মঘটত অংশ লয়। কৰ্মচাৰীসকলে শীঘ্ৰে তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে। অন্যথা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰাৰ ভাবুকি দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।