লংকাত সন্ধানহীন এগৰাকী বোৱাৰী

 10/02/2019 - 18:19

লংকাঃ লংকাৰ কাকী আৰক্ষী থানাৰ অন্তৰ্গত ১নংকাকী চলচলিৰ এগৰাকী বোৱাৰী স্বামীগৃহৰ পৰা নিখোঁজ হৈ থকাৰ এক ঘটনাই গভীৰ ৰহস্য আৰু সন্দেহৰ সৃষ্টি কৰিছে। বিগত ২১ দিন ধৰি নিখোঁজ হৈ থকা বোৱাৰীগৰাকী হৈছে চলচলি গাঁওৰ চেৰেক আলী নামৰ লোকজনৰ কন্যা মিনাৰা বেগম। ১১ ছেপ্টেম্বৰৰ নিশা একেখন গাঁওতে থকা স্বামীগৃহৰ পৰা হঠাতে নিখোঁজ হৈ আছে মিনাৰা।

গাঁওখনৰে মৃত ছমচেদ জামান ওৰফে বাপুটি আৰু জমিলা খাতুনৰ পুত্ৰ বদিউজ জামান ওৰফে ৰিবুল নামৰ যুৱকজনৰ পত্নী মিনাৰাই ফোনত স্বামীৰ সৈতে কথা পাতি থকা অৱস্থাৰ পৰায়েই নিখোঁজ হয় বুলি স্বামী পৰিয়ালে জানিব দিছে। কৰ্মসূত্ৰে বহিঃৰাজ্যত থকা ৰিবুলৰে কিবা কথাত কাজিয়াৰ পৰিণতিতে নিশা মিনাৰা নিৰুদ্দিষ্ট হৈ পৰা বুলিও অৱগত কৰে পিতৃ চেৰেক আলীক।

ইপিনে কন্যাৰ নিখোঁজৰ খবৰ নিশায়ে লাভ কৰি পিতৃ চেৰেক আলীৰ পৰিয়াল গৈ বদিউজ জামানৰ ঘৰত উপস্থিত হয় যদিও তেঁওলোকক অপদস্থ কৰিহে পঠিয়াই দিয়ে। বিবাহৰ বছৰে নোহোৱা মিনাৰা আৰু বদিউজ ওৰফে ৰিবুলৰ সামাজিক নিয়মমতেই বিবাহ কাৰ্য সম্পন্ন হৈছিল। কিন্ত বিবাহৰ পাছৰে পৰা মিনাৰাৰ ওপৰত মানসিক আৰু শাৰিৰীক নিৰ্যাতন চলিছিল স্বামী পৰিয়ালৰ।

যৌতুক দাবী কৰি চলাইছিল অকথ্য নিৰ্যাতন। সেয়ে কে'বাবাৰো স্বামীগৃহ এৰি আশ্ৰয় লৈছিলহি গাঁওতে থকা পিতৃগৃহত। সম্প্ৰতি পিতৃ চেৰেক আলীৰ পৰিয়ালে মিনাৰাক লৈ স্বামীগৃহৰ লোকে কু-চক্ৰান্ত আৰু অভিসন্ধিৰে আত্মগোপন কৰি ৰাখিছে বুলি অভিযোগ তুলি শাহুৱেক জমিলা খাতুন, আজমল খাঁ, সৰুমাই বেগম আৰু ৰুমীমাই বেগমৰ বিৰুদ্ধে কাকী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।