দক্ষিণ শালমাৰাত দুই ভণ্ড বাবা গ্ৰেপ্তাৰ

 10/02/2019 - 19:07

হাটশিঙিমাৰীঃ বালডোবা অঞ্চলৰ একাংশ লোকৰ ওচৰত নকল সোণৰ মূৰ্তি বিক্ৰী কৰিছিল৷ মা লক্ষ্মীৰ মূৰ্তিৰ হাত ভাঙি ইছলাম ধৰ্মৰ মা ফাতেমা বুলি কৈ ধন লুট একাংশৰ পৰা৷ গ্ৰেপ্তাৰ হোৱা মণি আলম আৰু আফিল উদ্দীন বুলি পৰিচয় পোৱা গৈছে৷ এটা সোণৰ মূৰ্তিৰ বাবদ 3 লাখ টকা দিলে প্ৰতি সপ্তাহত দুটাকৈ মূৰ্তি হ’ব বুলি আশ্বাস দিছিল৷

অঞ্চলটোৰ ঘৰৰ চোতালত মূৰ্তি ৰাখি মোবাইল ফোনযোগে চলাইছিল এই অপকৰ্ম৷ মাটিৰ তলত পুতি থলে এটা মূৰ্তিৰ পৰা দুটা মূৰ্তি হ’ব বুলি প্ৰলোভন দিছিল৷ মা ফাতেমাৰ নাম লৈ ইছলাম ধৰ্মৰ বদনাম কৰি আছিল দুয়ো৷ ইছলাম ধৰ্মত কোনো মূৰ্তি নাই তাৰ পাছতো এইদৰে অপকৰ্ম চলাই যাবলৈ গৈ ধৰা পৰিল৷ প্ৰায় ডেৰ মাহত চাৰিজন লোকৰ পৰা প্ৰায় দহ লাখ টকা লুট কৰি নিছে দুয়ো৷ এই চক্ৰটোৰ লগত আৰু কেইবাজনো লোক জড়িত হৈ আছে৷ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।