নলবাৰীৰ হৰিমন্দিৰত ভ্ৰাম্যমাণ থিয়েটাৰৰ ৫৬ সংখ্যক প্ৰতিস্থা দিৱস উদযাপন

 10/02/2019 - 19:28

নলবাৰীঃ সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থাৰ উদ্যোগত নলবাৰীৰ হৰিমন্দিৰত বুধবাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ ৫৬ সংখ্যক প্ৰতিস্থা দিৱস উদযাপন কৰে। জীবেশ্বৰ ডেকাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে আৰু দশৰথ দাস আৰু কিৰণ লহকৰক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰে।

বিশিষ্ট অভিনেতা জীবেশ্বৰ ডেকাই সংবাদ মাধ্যমৰ আগত ভাব ব্যক্ত কৰি কয় যে আজিকালি ভণ্ড নাট্যকাৰৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শক কমিছে। মৌলিক নাটকৰ অভাৱ ঘটা বুলিও আক্ষেপ প্ৰকাশ কৰে জেষ্ঠ অভিনেতাজনে। একেদৰে নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, তিলক বৈশ্য, সতীশ দাস, ৰনজিত দাসক সম্বৰ্ধনা জ্ঞাপন কৰে। ১৯৬৩চনৰ আজিৰ দিনটোতেই পাঠশালাত প্ৰথম প্ৰদৰ্শন হৈছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যাভিনয়। বুধবাৰে দুপৰীয়া প্ৰযোজক সংস্থাৰ সভাপতি নজৰুল ইছলামৰ সভাপতিত্বত অনুস্থিত সাধাৰণ সভাত ভ্ৰাম্যমাণ থিয়েটাৰৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰা হয়।

ইপিনে অসম চৰকাৰে ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থাৰ কাৰ্যালয় নিৰ্মাণ কৰিবলৈ ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱা বুলিও এই সভাতে ঘোষণা কৰে প্ৰযোজক সংস্থাৰ যুটীয়া সম্পাদক ক্ষীৰোদ খনিকৰে। সভাত বিধায়ক অশোক শৰ্মা আৰু বিমল বৰা উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।