মায়ঙৰ বুঢ়া মায়ঙত উদযাপন কৰা হল ৬৫ তম বন্যপ্ৰাণী সপ্তাহ

 10/02/2019 - 19:51

মায়ঙঃ মায়ঙৰ বুঢ়া মায়ঙত উদযাপন কৰা হল ৬৫ তম বন্যপ্ৰাণী সপ্তাহ।অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী পৰিমল শুক্লবৈদ্য, নব দলে, পিজুছ হাজৰিকা। সভাৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন আৰু মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে মুখ্যমন্ত্ৰীয়ে। মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰী সকলে পৰিৱেশন কৰে এটি সমবেত সংগীত৷

ডঃ উৎপল নাথৰ ৰচনা আৰু প্ৰতাপ ডেকা, বিপুল ডেকা আৰু নজৰুল ইছলামৰ পৰিচালনাত গোৱা সমৱেত সংগীতটোৱে উপস্থিত ৰাইজ আৰু মন্ত্ৰী সকলক মুগ্ধ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে ইজনৰ পিছত সিজন মন্ত্ৰীয়ে ভাষণ ৰাখে। উপস্থিত থাকে বন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।